Friday, 5 September 2014

ভালপোৱা কি?

ৰাতি ১২ বাজিল
তাৰ পিছত ১,
বহু দেৰিৰ পৰা
ভাবি আছিল
গধূলি তোমাক
কোৱা কথাবোৰ
আধৰুৱাে হৈয়ে থাকিল-
সেই যে কৈ আছিলোঁ,
ছোৱালীজনিৰ বিষয়ে
আৰু তাইৰ ভালপোৱাৰ কথা।
শুনা, তাই বোলে ভাল পাবলৈ শিকিছে,
কিন্ত এবাৰ তাই মোক শুধিছিলে,
"ভালপোৱা নো কি?"
মই তাইৰ মুখখনলৈ চাই ৰলো,
কি যে ধুনীয়া চকুযুৰি-
ক্ষন্তেকৰ বাবেহে!
কিন্ত পুনৰ আমনি কৰিলে তাইৰ প্ৰশ্নটোৱে
ভালপোৱা কি?
ভালপোৱা কি?
মই উত্তৰ দিব নোৱাৰিলো।
কাৰণ আজিকালি যে ভালপোৱাৰ বতৰা নোপোৱাই হলো।
কেৱল ভাহি আহিল মোৰ কাষলৈ,
তুমি মোৰ বাবে গোৱা মই ভালপোৱা গীতটি।
তোমাৰ সুৰে
মোক প্ৰতে‌‌‌২কবা্ৰৰ দৰে মৰমেৰে আকোৱালি লৈছিল।
কিন্ত আজি তোমাক মোৰো শুধিবৰ মন গৈছে-
ভালপোৱা কি?
তুমি মোৰ চকুত চকু থৈ
মৰমেৰে উত্তৰ দিছিলা
আৰু সেই উত্তৰ মই আজীৱন মোৰ সৃদয়ত সযত্নে ৰাখিম।

তুমি মোক বোজাইছিলা-এয়াই ভালপোৱা......

Thursday, 28 August 2014

হীৰুদা....তোমাৰ বাবে



তোমাৰ লগত
মোৰ চিনাকী
তোমাৰ 
সুগন্ধি পখিলাৰে-
নানা ৰঙে
চুই গ'ল
মোৰ মুখত
মোৰ চুলিত....
সেইদিনাখন
মেঘেও উচুপিলে
মোৰ চকুৰ
লুতক হ'বলৈ-
তোমাক ল'গ
পোৱাৰ আগেয়ে
তুমি যে
গুছি গ'লা।

জুইৰ শিখা (2013)
এখন ৰক্তাক্ত 
আকাশ,
পুৱাৰ নীলা
বেলিয়ে
তেজেৰে তিয়াই 
পেলালে....
বগা সূতাৰ
গামোচা।

পথৰ ভাজে ভাজে
আলফুলকৈ
খোজ পেলোৱা
মানুহজন....আজি
ক'ত হেৰাই
গ'ল?

বাট চাও
সদায় ....তোমালৈ বুলি!
তুমি আহিবা
আৰু যতনাই থোৱা
সেন্দুৰখিনিৰে....
ওপচাই দিবাহি উকা শিৰ সেন্দুৰীয়া কৰি।
তুমি মোৰ....কোন? (2013)
তুমি মোৰ কোন
মই নেজানো
কিন্ত মই তোমাক
হেজাৰ বছৰৰ আগেয়ে লগ পাইছিলো.....
এখন নজনা নেদেখা 
পৃথিৱীত
তৰাৰ সাগৰৰ হিপাৰে
য'ত কেৱল তুমি আৰু মই আছিলো,

কিমান মৰম
কিমান ভালপোৱা....
এতিয়া তুমি মোৰ ওচৰত থাকিও...
কিমান দুৰৈত
তোমাৰ উষ্ম উষা জাকে
মোক আকোৱালি ললে...।
তোমাৰ আৰু মোৰ যে
এখন ধুনীয়া পৃথিৱী আছিলে
য'ত তোমাৰ ভাল পোৱাৰ বাহিৰে
মই একোকে বোজা নাছিলো....
তোমাক আকৌ এখন অতব্য অৰণ্যt লগ পালো
তুমি মোক আকৌ ভাল পোৱা দিলা....
তোমাৰ এই ভাল পোৱা
মোৰ বাবে.....এক
স্ৃষ্টিৰ অনুপ্ৰেৰণা
মোৰ শক্তি
মোৰ পোনৰ জন্ম....
মোৰ আজন্ম ভাল পোৱা
কেৱল তোমাৰ বাবে
মোক জিয়াই ৰাখিব...
অশিমত এতি তৰা হৈ ৰ'ম
তোমাৰ লগত.....
সাগৰ..... (2013)



এজাক মাথো
ধুমুহা
তুমি ওমান পাইছিলানে?
মই কবই নোৱাৰিলো...
তুমি ক'ত
হেৰায় গ'লা
লগতে লৈ
গলা
কিমান সপোন
আশা
ভালপোৱা, বেদনা।
তোমাৰ ক'ত
কব লগা
কথা -
মোৰ মনত
আছে।
পাহৰিব পৰা
নাই....

তুমি যে কৈছিলা সাগৰ দেখুৱাবা বুলি।
শেৱালী ফুল (1.4.2011)


সেউজীয়া পুৱা-
এক যুগৰ পিছত
যেন 
সাৰ পালো,
কুলিৰ মাতত।

তোমাৰ সুবাসে
মোৰ দুবাহু

সাবতি ধৰিলে
এক অবুজন অনুভুতি...
কোন তুমি
কোন দেশৰ কৃষ্ণ?

এক শিহৰণ
এক কম্পন...
মাথো লাগে
এক নিৰৱ গীতৰ লহৰ
এখন ৰৈ যোৱা নৈ
এখন জলি থকা হাবি।

কব পাৰিবানে ?
শেৱালী ফুল
কেতিয়া বুতলিবলৈ যাম?

সেইদিনাখন কৈছিলা...
কাইলৈ!
অাকা্শ (27.3.2011)

অাকা্শ চুবলে মন যাই
হেঙুলীয়া বতাহত এতি
নিলা কবিতা হৈ
তোমাৰ কাষ চাপিবলৈ
মন যায়।

সপোন
মোৰ নিচেই আপোন,
তোমাক চিনো মই
জন্মৰ পূৰ্বে ।

এখন ৰঙা চাদৰত
প্ৰেমৰ সুবাস,
জীৱনৰ আৰ্ত্নাদ
যে নেজানো,
মাথো জানো
তুমি দিয়া
সুনালী ৰিষাৰ মৰম মাধুৰী।

তোমাৰ চা্ঁ এখন হ্ৰদ্য় স্পৰ্শি নীলা নৈ।