Friday, 5 September 2014

ভালপোৱা কি?

ৰাতি ১২ বাজিল
তাৰ পিছত ১,
বহু দেৰিৰ পৰা
ভাবি আছিল
গধূলি তোমাক
কোৱা কথাবোৰ
আধৰুৱাে হৈয়ে থাকিল-
সেই যে কৈ আছিলোঁ,
ছোৱালীজনিৰ বিষয়ে
আৰু তাইৰ ভালপোৱাৰ কথা।
শুনা, তাই বোলে ভাল পাবলৈ শিকিছে,
কিন্ত এবাৰ তাই মোক শুধিছিলে,
"ভালপোৱা নো কি?"
মই তাইৰ মুখখনলৈ চাই ৰলো,
কি যে ধুনীয়া চকুযুৰি-
ক্ষন্তেকৰ বাবেহে!
কিন্ত পুনৰ আমনি কৰিলে তাইৰ প্ৰশ্নটোৱে
ভালপোৱা কি?
ভালপোৱা কি?
মই উত্তৰ দিব নোৱাৰিলো।
কাৰণ আজিকালি যে ভালপোৱাৰ বতৰা নোপোৱাই হলো।
কেৱল ভাহি আহিল মোৰ কাষলৈ,
তুমি মোৰ বাবে গোৱা মই ভালপোৱা গীতটি।
তোমাৰ সুৰে
মোক প্ৰতে‌‌‌২কবা্ৰৰ দৰে মৰমেৰে আকোৱালি লৈছিল।
কিন্ত আজি তোমাক মোৰো শুধিবৰ মন গৈছে-
ভালপোৱা কি?
তুমি মোৰ চকুত চকু থৈ
মৰমেৰে উত্তৰ দিছিলা
আৰু সেই উত্তৰ মই আজীৱন মোৰ সৃদয়ত সযত্নে ৰাখিম।

তুমি মোক বোজাইছিলা-এয়াই ভালপোৱা......

No comments:

Post a Comment